স্বৰ্গদেউ প্ৰতাপ সিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণ বা লাঙ্গি গোহাঁই বা চাওফা চুচেনফাই প্ৰথমবাৰৰ বাবে বৰ্তমানৰ শিৱসাগৰ জিলাৰ ভটীয়াপাৰত ৰাজহুৱা ভাবে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল৷ কোচবিহাৰৰ পৰা প্ৰতিমা নিৰ্মাণ কৰিবলৈ কাৰিকৰ আনিছিল স্বৰ্গদেউ প্ৰতাপ সিংহই ৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালৰ সময় আছিল ১৬০৩ চনৰ পৰা ১৬৪১ চন৷
ঠিক একেদৰে বৰাক উপত্যকাত প্ৰথম দুৰ্গা পূজা প্ৰচলন কৰিছিল শূৰদৰ্প নাৰায়ণ নামেৰে এজন ডিমাচা কছাৰী ৰজাই৷
আনহাতে অসমৰ মন্দিৰ ,দেৱালয় বোৰত প্ৰাচীন কালৰে পৰা দুৰ্গা পূজা পালন কৰা হৈছিল৷ ভৈৰৱী মন্দিৰ, কামাখ্যা মন্দিৰ, তাম্ৰেশ্বৰী মন্দিৰ,দীৰ্ঘেশ্বৰী মন্দিৰ আদিত পুৰণি কালৰ পৰাই এতিয়ালৈকে দুৰ্গা পূজা পালন কৰি অহা হৈছে৷
কিন্ত ৰাজহুৱাভাৱে প্ৰথম দুৰ্গা পূজা বৰ্তমানৰ শিৱসাগৰ চহৰৰ ওচৰৰ ভটীয়াপাৰতেই অনুষ্ঠিত হৈছিল আহোম চাওফা চুচেনফা বা প্ৰতাপ সিংহৰ পৃষ্ঠপোষকতাত ৷৷